ভাৰতত বিজ্ঞান চৰ্চাৰ ৰেহ-ৰূপ

ভাৰতবৰ্ষত বিজ্ঞানচৰ্চা সংকটত নেকি?
                      দীপজ্যোতি গগৈ; দ্বিতীয় বৰ্ষৰ ছাত্ৰ, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়। ফোন: ৯১০১৪৯১৩০৩
বিজ্ঞান আৰু প্ৰযুক্তি আজি আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে।বিশেষকৈ প্ৰযুক্তিৰ অবিহনে যেন এক মুহূৰ্তও জীৱনটো চলায় নিব নোৱাৰা হৈছোঁ। সেইবাবেই আজিৰ ইয়াক প্ৰযুক্তিৰ যুগ বুলিব পাৰি। আপুনি বাৰু কেতিয়াবা ভাবি চাইছেনে,বিজ্ঞাননো আমাক কিয় লাগে?ই কেনেকৈনো আগবাঢ়ে? আমাৰ চিন্তা-চৰ্চা বিজ্ঞানৰ প্ৰভাৱ অবিহনে শুদ্ধ হ’ব পাৰেনে? আপুনি নিজৰ মাজত ইয়াৰ উত্তৰ নিশ্চয় পাব। আমি চকুৰে নেদেখা আটাইতকৈ ক্ষুদ্রতম কণিকা ‘ইলেক্টন’ পৰা বৃহত্তম ‘মহাকাশ’লৈকে বিজ্ঞান অবিহনে অকল্পনীয়,বিজ্ঞানৰ বস্তুনিষ্ট বিশ্লেষণৰ বাবেই আজি ইয়াৰ অৱস্থিতি নিৰ্ণয় কৰাটো সম্ভৱ হৈ উঠিছে। বিশ্বজনীনতা বিজ্ঞানৰ অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ অৰ্থাৎ পৃথিৱীৰ সকলো ঠাইতে যিকোনো পৰিৱেশত বিজ্ঞানৰ তত্ত্বসমূহ শুদ্ধ আৰু ই সকলোৱে ক্ষেত্ৰত সমানে প্ৰযোজ্য, সেইবাবেই বিজ্ঞানত গোড়ামিৰ কোনো স্থান নাই।অন্যহাতে যদি চাই,যিকোনো ধৰ্মই বিশ্বাসৰ ওপৰতহে প্ৰতিষ্ঠিত,সত্য আৰু শুদ্ধতাৰ ওপৰত নহয়। সেইবাবেই বিজ্ঞান ধৰ্মৰ বাবে সদায় প্ৰত্যাহ্বানস্বৰূপ হৈ পৰে। বিজ্ঞানৰ এই চৰিত্ৰটোৱে যেন নিজৰে বৈৰী হৈ পৰিছে,আৰু সেইবাবেই অতি ধৰ্মান্ধ সকলে, যিয়ে নেকি ধৰ্মৰ গোড়ামিক আহিলা হিচাপে লৈ সাধাৰণ মানুহৰ বিশ্বাসক হাথিয়াৰ কৰি লুটি-পুতি খায় আছে,সদায় বিজ্ঞানক যিকোনো ৰকমে দুৰ্বল কৰাত অহৰ্নিশে ব্যস্ত। এটা সৰু উদাহৰণ দিলে আপুনি ‘বিশ্বাস’ আৰু ‘বিজ্ঞান’ৰ মাজত পাৰ্থক্যটো ধৰিব পাৰিব। মানুহে প্ৰায় ২৫০০ বছৰ ধৰি সদায় দেখি থকা,বিশ্বাস কৰি আহিছিল যে পৃথিৱী হ’ল মহাকাশৰ কেন্দ্ৰ আৰু ইয়াৰ চাৰিওফালে অন্যান্য বস্তুবোৰ ঘূৰি থাকে, কিন্তু সেইটো জানো শুদ্ধ আছিল? কিন্তু আমি জানো সেইটোকে আপাতত: শুদ্ধ যেন নেদেখুনে? সেই কথাকে ভুল বুলি দেখুৱাবলৈ গৈ গেলিলীয় গেলিলিয়ে ধৰ্মীয় আতিশয্য  সন্মুখীন হৈছিল। ইয়াৰ পৰা আমি দুটা সিদ্ধান্ত ল’ব পাৰোহওঁক,প্ৰথমে আমি ভৱা,দেখা আৰু বিশ্বাস কৰাটোৱে সদায় শুদ্ধ নহয় ,দ্বিতীয়তে আমাৰ বিশ্বাসৰ সত্যসত্যা বিচাৰ কৰিবলৈ বিজ্ঞানৰ কাষ চাপিবই লাগিব। এইখিনিতে বিজ্ঞান আৰু প্ৰযুক্তিৰ মাজত থকা সৰু তফাৎটো জানিব লাগিব, প্ৰযুক্তি হৈছে বিজ্ঞানৰ বাস্তৱসন্মত ব্যৱহাৰ। অৰ্থাৎ বিজ্ঞান স্থান আমাৰ মগজুত ,আনফালে প্ৰযুক্তিৰ স্থান বৰ্হিজগতত। আমি বিজ্ঞানৰ ফচল প্ৰযুক্তিকহে সদায় উপভোগ কৰোঁ। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ কৰিয়ে আমি বিজ্ঞান বিৰোধী কাৰ্যকলাপত নিমগ্ন থাকোঁ। ইয়াতে আমাৰ দ্বিচাৰিত্ৰ আৰু স্ববিৰোধিতা  প্ৰকাশ পায়। যেতিয়ালৈকে বিজ্ঞানে আমাৰ স্বাৰ্থক তথা বিশ্বাসৰ সপক্ষে থাকে, বিজ্ঞানৰ গুণগান গাম, আৰু যেতিয়াই আমাৰ ফোঁপোলা বিশ্বাসৰ বিৰুদ্ধে বিজ্ঞানে কথা কয়, আমি অস্বীকাৰ কৰি যিকোনো প্ৰকাৰে বিজ্ঞানক আক্ৰমণ কৰিব বিচাৰোঁ। ইয়াকে কয় গোড়ামি, যিটো প্ৰতিটো ধৰ্মৰে অন্যতম চৰিত্ৰ। ইয়াৰ বাবে অন্য এটা উদাহৰণ দিওঁ, যেতিয়া বৈজ্ঞানিক তথ্যই  কয় যে জলবায়ু পৰিৱৰ্তনৰ ফলত গোলকীয় উত্তাপ বাঢ়িছে, সাগৰৰ পানীৰ পৃষ্ঠ বৃদ্ধি পাইছে,ভয়ানক ধুমুহা,হাৰিকেন আদি প্ৰকোপ বাঢ়িছে ,তেতিয়ালৈকে আমি স্বীকাৰ কৰোঁ। কিন্তু আচল সমস্যাটো তেতিয়া হয় যেতিয়া একে বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা দ্বাৰা কয় যে উক্ত ভয়ংকৰ পৰিঘটনাৰ পৰা ৰক্ষা পাবলৈ অথবা পৃথিবী খন সুস্থ-সৱল ৰূপত বৰ্তি থাকিবলৈ আমি অসংখ্য ত্যাগ কৰিব লাগিব, নিজৰ অতি লুভীয়া চৰিত্ৰক দমন কৰিব লাগিব, স্বাচ্ছন্দ্যপূৰ্ণ জীৱন বহু পৰিমাণে হ্ৰাস কৰিব লাগিব; তেতিয়া আমি সমগ্র জলবায়ু পৰিবৰ্তনকে অস্বীকাৰ কৰোঁ। যিটো কৰিছে বিশ্বৰ বৃহত্তম পুঁজিবাদী দেশ আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধান ডোনাল্ড ট্ৰাম্পে, আমাৰ ধৰ্মান্ধ তথাকথিত ধৰ্মগুৰুসকলে, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই।জলবায়ু পৰিৱৰ্তনৰ বাস্তৱতাক অস্বীকাৰ কৰা অৰ্থ হ’ল চিধাচিধি বিজ্ঞানক অমান্য কৰা। দেশৰ জনগণৰ প্ৰকৃত দুৰ্দশা,অৱহেলিত সমস্যা আদি দূৰ কৰা সলনি বছৰটোৰ অৰ্ধেক সময় ব্যস্ত থাকে ‘হিন্দু’ ‘হিন্দু’ কৰি, আৰু আমিবোৰ যেন সব পাহৰি নিজকে অলাগতিয়াল কথাবতৰাত জড়িত কৰোঁ। আমি আচৰিত নহওঁনে যিটো নৱপ্ৰজন্মৰ দুই তিনি দশকৰ পিছত জলবায়ু পৰিবৰ্তনৰ ফলত সাংঘাতিক পৰিস্থিতি সন্মুখীন হ’ব, তাৰ বেছিভাগেই আজি বিজ্ঞান বিৰোধী চিন্তাচৰ্চাত ক’ব নোৱাৰাকৈ সোমাই পৰিছে? দেশত অবৈজ্ঞানীক কামকাজ আচৰিতধৰণে বাঢ়িছে,অথচ দেখোন শিক্ষিতৰ হাৰো বৃদ্ধি পাইছে। তেন্তে সমস্যাটো ক’ত? আমাৰ সমাজ ব্যৱস্থা আৰু শিক্ষাত বাৰু কিবা কেৰোণ আছে নেকি? সেই বিষয়ে যোৱা আগতে এটা কথাত একমত হ’ব লাগিব যে বৈজ্ঞানিক পদ্ধতি জনা আৰু বৈজ্ঞানিক তথ্য জনাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে।কিন্তু আমাক বৈজ্ঞানিক তত্ব আৰু বৈজ্ঞানিক ধাৰণাৰ মাজৰ পার্থক্য বিষয়ে কোৱা হয়নে? এতিয়া আহোঁ বিজ্ঞান মানেনো প্ৰকৃততে কি? বিজ্ঞানে আমাক  বিশ্লেষণাত্মক আৰু সমালোচনাত্মক চিন্তা কৰিবলৈ শিকায়। শিকায় যিকোনো ধাৰণা(ideas)ক প্ৰশ্ন কৰিবলৈ আৰু জীৱনত বিজ্ঞানসন্মত চিন্তাৰ তাৎপৰ্য বিষয়ে। বিজ্ঞানসন্মত তত্ব এটা কেনেকৈনো পূৰ্ণতা পায়? প্ৰথমে যিকোনো  অবিকশিত ‘ধাৰণা’ক লোৱা হয়; তাৰ পিছত উক্ত ‘ধাৰণা’ৰ স’তে জড়িত বিভিন্ন কাৰসমূহ চিনাক্ত কৰি তাৰ পাৰস্পৰিক প্ৰভাৱ বিষয়ে অধ্যয়ন কৰা যায়। পৰিস্থিতি আৰু পৰিৱেশ অনুযায়ী এই ‘ধাৰণা’ই কেনেকৈ ক্ৰিয়া কৰে,তাৰ বিশদ গৱেষণাৰ বাবে আমি হয় পৰীক্ষাগাৰ নতুবা ক্ষেত্ৰ অধ্যয়ন নিৰ্বাচন কৰোঁ। যদি সত্যসত্যা বা শুদ্ধতা বিভিন্ন স্তৰত প্ৰমাণিত হয়,তাৰ পিছতহে আমি তাক বিজ্ঞানসন্মত তত্ব বুলি স্বীকাৰ কৰোঁ। আপুনি পিছে একে সময়তে উক্ত তত্বটোৰ ক্ষেত্ৰত উত্থাপিত প্ৰশ্নসমূহৰ সন্তোষজনক উত্তৰ দিব পাৰিব লাগিব আৰু যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু থাকিব লাগিব,ইয়ে তত্ত্বটোৰ আয়ুস আৰু গ্ৰহণযোগ্যতা নিৰ্ণয় কৰিব।এই যুক্তিবাদী চিন্তাক সৰোগত কৰি সমাজনীতি,ৰাজনীতি,অৰ্থনীতি,বাণিজ্য আদিকে ধৰি যিকোনো বিষয়তে আগবাঢ়ি যোৱাকে বৈজ্ঞানিক মানসিকতা বুলি কয়। যি মানসিকতা ক্ষুদ্ৰমানো নাথাকে ধৰ্মত। ধৰ্ম হ’ল অবৈজ্ঞানিক এক বিশ্বাস আৰু য’ত গোড়ামিৰ স্থান বিদ্যমান। কাৰণ তথাকথিত ‘গুৰু’ বা ‘ঈশ্বৰ’য়ে যি কয়,যি লিখে সেইয়া শুদ্ধ আৰু তেওঁক প্ৰশ্ন কৰাটো মহাপাপ।ইয়াকে চমু অৰ্থত মৌলবাদ বুলিব পাৰি।তেওঁক আপুনি সুধিব পাৰিবনে তেওঁৰ বিশ্বাসৰ প্ৰমানিক ভেটি কি? বা সুধিলেও তেওঁ ক’ব পাৰিবনে,নোৱাৰে। ধৰ্মীয় পুথিবোৰত নৈতিক শিক্ষাৰ পোহৰ মেলা হয় এক ‘আবাস্তব’ বিশ্বাসক সাৰথি কৰি। সকলোবোৰ দেখি বুজিও আমি তেওঁলোকৰ ভক্ত!সেইবাবেই প্ৰশ্ন হয়, বাস্তৱত আজিৰ শিক্ষাই আমাক এনে বৈজ্ঞানিক যুক্তিবাদী কৰি তুলিছে নে? সেই প্ৰশ্ন আজি পৰিবেশত দৰকাৰী ৰূপে বিবেচিত হৈছে। যেনেকৈ ধৰ্মীয় শিক্ষাত শিক্ষাৰ্থীক তেওঁলোকক বুজোৱা ‘ধাৰণা’ বা ‘ব্যৱস্থা’টোক প্ৰশ্ন কৰিবলৈ শিকোৱা নহয়, ঠিক তেনেকৈ আজিৰ শিক্ষাই প্ৰশ্ন কৰিবলৈ শিকোৱা সলনি মুখস্থ কৰিবলৈহে বাধ্য কৰে। সমাজে,বহু ক্ষেত্ৰত এক বিশেষ শ্ৰেণীয়ে আগতীয়াকৈ নিৰ্মাণ কৰা স্থানত খাপ খাবলৈহে যেন শিক্ষাই আমাক গঠন কৰে। দৰিদ্ৰতা নিৰ্মূলকৰণ আৰু উচ্চ মানদণ্ড প্ৰদান প্ৰক্ৰিয়াত নেতৃত্বই “দেশক ভৱিষ্যতে শ্ৰমিকৰহে প্ৰয়োজন,তেনেক্ষেত্ৰত চিন্তাশীল প্ৰজন্ম তৈয়াৰ কৰাৰ কিয় দৰকাৰ?” ধৰণৰ আৰ্হিৰেহে আগবাঢ়ে। এই প্ৰক্ৰিয়াত বৈজ্ঞানিক তথ্যক সাধাৰণ জ্ঞান ৰূপে জনগণৰ মাজত প্ৰচাৰ কৰে আনহাতে বিজ্ঞানৰ পদ্ধতিক সমাজৰ আঢ‍্যৱন্ত শ্ৰেণীটোৰ বাবে সংৰক্ষিত ৰাখে। অৱশ্যে এই শিক্ষা লাভ কৰি ‘উচ্চ-নিম্ন’ ৰক্ষণশীল সমাজত সহজে খাপ খাই পৰে, ফলত সাধাৰণতে সমাজৰ চিন্তাবিদ,বুদ্ধিজীৱি সকল এক নিদিষ্ট শ্ৰেণীৰ পৰাই উৎপন্ন হয়। আজি প্ৰযুক্তিৰ ব্যাপক উন্নয়নৰ যুগতো সেই ব্যৱস্থা বাহাল আছে। সেইবাবেই তেওঁলোকৰ সৰহভাগৰে সুৰত সাধাৰণ লোকৰ সমস্যাৰ প্ৰতিনিধিত্ব নহয়।বিজ্ঞান চৰ্চা আৰু বিজ্ঞান শিক্ষাৰ মাজত উমৈহতীয়া সম্পৰ্ক থকা সত্বেও বিজ্ঞান চৰ্চা দৃঢ় আৰু গভীৰ। ভাৰতত বিজ্ঞানৰ চর্চাতকৈ বৰং বিজ্ঞান শিক্ষাক দক্ষ শ্ৰমিক নিৰ্মাণ কৰাতহে বেছিকৈ জোৰ দিয়া হয়।বিশ্বৰ আটাইতকৈ আগবঢ়া দেশ সেইবোৰ য’ত বিজ্ঞানৰ শিক্ষাতকৈ চৰ্চাত বেছিকৈ গুৰুত্ব দিয়ে,তাৰ বিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানবোৰত  বৈজ্ঞানিক চিন্তাৰ জৰিয়তে অনুসন্ধান কৰিবলৈ ধাউতি জন্মোৱা হয়,ইয়াৰ দ্বাৰাই ভৱিষ্যতৰ বিভিন্ন ক্ষেত্ৰৰ নেতা নিৰ্বাচন কৰা হয়। কিন্তু ভাৰতবৰ্ষ কাজেই তাৰ ওলোটা। যিখন দেশত ৰাষ্ট্ৰৰ পৰিচালনা কৰা ‘চৰকাৰ’ ভঙা-পতা কৰা হয় ‘মঠ-মন্দিৰ-মছজিদ’ আদিৰ নিৰ্মাণৰ ওপৰত ভিত্তি কৰি, জাতি-মাটি-ভেঁটিৰ ওপৰত ভিত্তি কৰি য’ত ৰাজপাত খোৱা হয়,তাত বৈজ্ঞানিক চিন্তা-চৰ্চা অৱস্থিতি বিচৰাটোৱে আচলতে আচৰিত হ’বলগীয়া। দেশত ‘বৈদিক শিক্ষা’ ‘সাংখ্যিক পদ্ধতিৰে মঙল চোৱা পদ্ধতি’ আৰু ‘জ্যোতিষবিদ্যা’ দৰে অবৈজ্ঞানীক শিক্ষাক ন‍্যায়সংগত বিজ্ঞান ৰূপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে। এই দুঃচেষ্টা ধৰ্মীয় গোড়ামিৰে আদৰ্শিত ৰাজনৈতিক শক্তি ‘বিজেপি’ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বাৰা তীব্রতৰ কৰা হৈছে। শেহতীয়াকৈ ৰাজনৈতিক ক্ষমতা লাভ কৰা পিছত তেওঁলোকৰ উৎসাহ দুগুণে চৰিলে। শিক্ষাৰ সংস্কাৰৰ নামত আপদীয়া ধাৰ্মিক আৰু ভুৱা বিজ্ঞানৰ পাতনি মেলা হৈছে। তাৰ এটা শেহতীয়া উদাহৰণ দিওঁ, এইবছৰ পৰা কাৰ্যকৰী হোৱাকৈ সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান(All India Council for Technical Education,চমুকৈ AICTE)এ আৰ্হি পাঠ্যক্ৰমৰ অধীনত “আদিম জ্ঞান পদ্ধতি” নামেৰে পাঠ্যপুথি প্ৰণয়ন কৰিব, য’ত অলৌকিক কাৰ্য,ধৰ্মীয় পুথিবোৰত থকা  অবৈজ্ঞানিক ‘দাৱী’বোৰক বৈধ কৰিব বিচৰা হৈছে। যেনে ঋষি ভৰদ্বাজে উৰাজাহাজ নিৰ্মাণৰ কথা,কোনোবা ঋষি অগ্ৰস্ত‍্যই বোলে বৈদ্যুতিক-বিভৱ কোষ আবিষ্কাৰ, নিউটনতকৈ আগত গতি সূত্ৰ আগবঢ়োৱা বুলি সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ দ্বাৰা অভিযান্ত্ৰিক শিক্ষাৰ্থীক ভাৰতীয় তথাকথিত গৌৰৱময় ইতিহাস শিকোৱা সলনি বিশ্বৰ সম্মুখত লজ্জানত কৰিব,ধৰ্মান্ধ অভিযন্তা প্ৰস্তুত হ’ব। আৰু এইবোৰ অভিযন্তাই যিকোনো আন্তঃগাঁথনি নিৰ্মাণৰ আগত পূজাপাতল কৰি অশুভ শক্তিৰ পৰা ৰক্ষা পাবলৈ প্ৰাৰ্থনা কৰিব,যিটো এতিয়াও সহজে দেখা যায়। সৌ-সিদিনা কেৰেলাৰ বিধ্বংসী বানপানীৰ সময়ত ৰিজাৰ্ভ বেংকৰ উচ্চপদস্থ বিষয়াৰ পৰা আদি কৰি বহু শিক্ষিত ব্যক্তিয়ে সৱৰমিলা মন্দিৰত মহিলা প্ৰৱেশৰ  চেষ্টা ফলত হৈছে বুলি যুক্তি দিছিল। কি দুৰ্ভাগ্য আমাৰ!পশ্চিমীয়া দেশসমূহো এনে ধৰণৰ বিজ্ঞানবিৰোধী কাৰ্যকলাপৰ দ্বাৰা বিভ্ৰান্ত;কিন্তু সেইয়া সংখ্যালঘু ,ইপিনে ভাৰতত সংখ্যাগৰিষ্ঠ মানুহেই বিজ্ঞানবিৰোধী ধ্যানধাৰণাত বিশ্বাসী, যাৰ সম্পূৰ্ণ সুযোগ শাসক পক্ষ আৰু পুঁজিবাদী ভিক্ত সকলে লৈছে। এটা কথা আপুনি লক্ষ্য কৰিছে নে যে প্ৰযুক্তিৰ উন্নত হোৱা লগে লগে অন্ধবিশ্বাস কাৰ্যও বৃদ্ধি পাইছে,তাকো ডিজিটেল ৰূপত। সামাজিক মাধ্যমসমূহত দৈনিক নানান বিজ্ঞানবিৰোধী অপপ্ৰচাৰ,দুৰ্ভাগ্যজনকভাৱে ভাৰতৰ মূলসুঁতিৰ সংবাদমাধ্যমেও এই ক্ষেত্ৰত উদগনি যোগাইছে। আপোনালোকে দেখে কেনেকৈ বিশেষকৈ ব্যক্তিগত সংবাদ মাধ্যমে তথাকথিত সৰ্বজন্তা বিশাৰদসকল লৈ পুৱাই আপোনাৰ দিনটো কেনে যাব,তাৰ ওপৰত অনুষ্ঠান প্ৰচাৰ কৰে। অসমৰ কেইটায়েও কেনেকৈ নতুন বৰ্ষত অসমৰ অৱস্থা কি হ’ব,কোন ৰাজনৈতিক নেতাৰ কি ভৱিষ্যত আদি অবৈজ্ঞানীক চিন্তাধাৰা প্ৰচাৰ কৰে। শেহতীয়াকৈ এজন ভণ্ড প্ৰবাদপুৰুষক ষ্টুডিঅ’ত বহুৱাই সম্পূৰ্ণ অবৈজ্ঞানিকভাৱে ৰোগৰ বিধান দিয়াত ব্যস্ত দেখা গৈছিল। তাৰ পিছত কুসংস্কাৰ,অন্ধবিশ্বাস,ডাইনী দৰে জঘন্য ঘটনাবোৰক সমালোচনা কৰি প্ৰতিবেদন প্ৰকাশ কৰিলে,নিজৰ মূৰ্খামিকে প্ৰকাশ নকৰেনে? বিজ্ঞানসন্মত মানসিকতাৰ বাবে বিজ্ঞানৰ অনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন নাই।ৰাজা ৰামমোহন ৰয়ে সতীদাহ প্ৰথাৰ বিৰুদ্ধে, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বিধৱা বিবাহ সপক্ষে আৰু চাবিত্ৰী বাই ফুলে মহিলা আৰু অস্পৃশ্যৰ বাবে বিদ্যালয় খুলি তাহানিতে কুসংস্কাৰৰ বিৰুদ্ধে যুঁজিছিল,তেওঁলোক কি বিজ্ঞানৰ বৃহৎ ডিগ্ৰীধাৰী আছিল নেকি? আমাৰ বিৰুবালা ৰাভাৰো কোনো বিজ্ঞানৰ ডিগ্ৰী নাই,কিন্তু তেওঁ চিন্তাধাৰা বহুত বিজ্ঞানৰ বৰ বৰ ডিগ্ৰীধাৰীতকৈও উন্নত।এইবোৰে প্ৰমাণ কৰে বিজ্ঞানৰ আনুষ্ঠানিক শিক্ষা অবিহনেও বিজ্ঞান মানসিকতাৰে গঢ়ি তুলিব পাৰোঁ।    আটাইতকৈ পৰিতাপৰ কথা হৈছে যে দেশত বিজ্ঞান চৰ্চা আৰু গৱেষণাৰ বাবে অর্থ অভাৱ ঘটিছে। প্ৰতিবছৰে কেন্দ্ৰীয় চৰকাৰে বিজ্ঞানৰ চৰ্চা আৰু গৱেষণাৰ বাবে ধাৰ্য কৰা ধন বহুগুণে কমাই আহিছে। দেশৰ আটাইতকৈ বৃহৎ গৱেষণা আৰু উন্নয়ন সংস্থা “বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ”( Council for Scientific & Industrial Research) যিয়ে সমগ্ৰ দেশত ৩৭ তা সৰু-বৰ পৰীক্ষাগাৰ চলায়,অৰ্থৰ অভাৱত বন্ধৰ উপক্ৰম ঘটিছে। যিসময়ত বিশ্বৰ উন্নত দেশসমূহে বাজেটত মুঠ ঘৰুৱা উৎপাদনৰ  ৩-৪% ধন বৈজ্ঞানিক গৱেষণা আৰু উন্নয়নৰ বাবে ধাৰ্য কৰে,অথচ ভাৰতত মাত্ৰ ০.৮৫% হে নিৰ্ধাৰণ কৰে। যিখন দেশত ৰামৰ মূৰ্ত্তি,ৰাম মন্দিৰ, মছজিদ, নমামী গংগা,নমামী ব্ৰহ্মপুত্ৰৰ দৰে অলাগতিয়াল বস্তুত হাজাৰ কোটি টকা নষ্ট কৰে,সেইখন দেশত আজি বিজ্ঞান চৰ্চা বাবে টকাৰ অভাৱ। ইয়াতকৈ লজ্জাজনক কিবা আছেনে! হয়,পুৰণি ভাৰতবৰ্ষই বিশ্বৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনলৈ বহুত অৱদান বঢ়াইছে,আমি তাক লৈ গৌৰাবান্বিত আৰু উৎসাহিত। কিন্তু দেশৰ শাসক পক্ষৰ দ্বাৰা চিধাচিধি বিভ্ৰান্তিকৰ যি উগ্ৰ দেশপ্ৰেমৰ ইন্ধন যোগোৱা চেষ্টা চলিছে,তাৰ দ্বাৰা দেশৰ ভবিষ্যত অন্ধকাৰ কৰি তুলিব আৰু নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰিব। যোৱা ৪ জানুৱাৰীত জলান্ধাৰত অনুষ্ঠিত ১০৬ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ অধিৱেশনত অবৈজ্ঞানিক কথা-বতৰাই চুড়ান্ত ৰূপ পায়। অধিৱেশনত অন্ধ বিশ্ববিদ্যালয়ৰ দৰে গৰিমামণ্ডিত অনুষ্ঠানৰ উপাচাৰ্য জি নাগেশ্বৰ ৰাও কয় যে মহাভাৰত,ৰামায়ণৰ দিনতে টেষ্ট টিউৱ সন্তান,মিছাইলৰ ওপৰত গৱেষণা আৰম্ভ হৈছিল। আন এজন জ্যেষ্ঠ তথাকথিত বিজ্ঞানী কানন জেগাথালা কৃষ্ণননে কয় যে মহাকর্ষণীক ঢৌ আৰু মহাকর্ষণীক লেন্সিং প্ৰভাৱ( gravitational lensing effect) ক্ৰমে ‘নৰেন্দ্ৰ মোদী ঢৌ’ আৰু ‘হৰ্ষবধন প্ৰভাৱ’ ৰূপেহে অদূৰ ভৱিষ্যতে নামাকৰণ কৰা হ’ব। এয়াই আমাৰ ভাৰতৰ বিজ্ঞান চৰ্চাৰ ৰেহ-ৰূপ! যোৱাবছৰ ভাৰতীয় নোৱেল বিজয়ী জীৱবিজ্ঞানী ভেংকাট্ৰমণ ৰামাকৃষ্ণনন(Venkatraman Ramakrishnan) খোদ প্ৰকাশ কৰি ‘দি টাইমছ্ অ’ফ ইণ্ডিয়া’ নামৰ বাতৰিকাকক কৈছে, ভাৰতীয় বিজ্ঞান কংগ্ৰেছ চাৰ্কাচলৈ ৰূপান্তৰ ঘটিছে য’ত কম বিজ্ঞানৰ চৰ্চা হয় কিন্তু বেছিভাগ ভুৱা বিজ্ঞানৰ দপদপনিহে বেছি। তেওঁ ২০১৫ চনৰ বিজ্ঞান কংগ্ৰেছৰ মুম্বাই অধিবেশনৰ কথা উল্লেখ কৰি কয় যে য’ত কেইবাজনো অংশগ্ৰহণকাৰীয়ে উৰাজাহাজ বৈদিক যুগতে আবিষ্কাৰ হৈছিল বুলি হাঁহি উঠা কথা কৈছিল। তেওঁ জীৱনত আৰু  তেনেকুৱা জাতীয় অধিবেশনত উপস্থিত নাথাকো বুলি ক্ষোভেৰে কৈছে। যি সময়ত ভূতপ্ৰেত, ডাইনী, মূৰাকটা, শিশু ভক্ষণকাৰী আদিৰ দৰে অবৈজ্ঞানীক কামকাজৰ বৃদ্ধি পাইছে, হোৱাটছপ,ফেচবুক আদিৰ দৰে সামাজিক মাধ্যমৰ যোগেদি দৈনিক অসংখ্য ভুৱা বাতৰি প্ৰচাৰ হৈছে, দেশত ধৰ্মীয় অহিষ্ণুতা পৰিবেশ বাঢ়িছে, মানুহ ধৰ্ম,জাত-পাত আদি কথাত নিজকে নিমগ্ন কৰিছে,সমাজত কুসংস্কাৰ,অন্ধবিশ্বাস আদিৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে ,এই সমস্ত কাৰ্যকলাপৰ পৰা দেশ,সমাজক ৰক্ষা কৰিবলৈ মানুহ বৈজ্ঞানিক চিন্তাৰে সুসজ্জিত,শিক্ষিত হ’বই লাগিব। এই ক্ষেত্ৰত সমাজৰ সচেতন মহলৰো নিতৌ দায়িত্ব বাঢ়িছে। আহক আমি এখন কুসংস্কাৰমুক্ত বৈজ্ঞানিক চিন্তাৰে এখন যুক্তিবাদী সমাজ গঢ়োঁ।

Advertisements

কৃত্ৰিম বুদ্ধিমত্তা আৰু আমি

কৃত্ৰিম বুদ্ধিমত্তা আৰু কিছু কথা 
                       দীপজ্যোতি গগৈ,যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়।
মানুহৰ হাবিয়াসৰ অন্ত নাই। অন্য জীৱৰ পৰা মানুহক পৃথক কৰা অন্যতম বৈশিষ্ট্যটো হ’ল চিন্তা কৰিব পৰা ক্ষমতা।এই চিন্তাৰ কোনো পৰিসীমা নাই, ফলস্বৰূপে নতুন নতুন সৃষ্টিৰ সমাহাৰ। আপুনি বুদ্ধিমান নে?যদি বুদ্ধিমান তেন্তে আপোনাৰ সমান এটা বুদ্ধিমান যন্ত্ৰ কল্পনা কৰকচোন। আপোনাৰ এই কল্পনাৰে পৰিণতি ‘কৃত্ৰিম বুদ্ধিমত্তা’। ‘কৃত্ৰিম বুদ্ধিমত্তা’ এক সংজ্ঞা নিৰ্ধাৰণ কৰা আগতে,’বুদ্ধিমত্তা’নো কি জানিব লাগিব।বুদ্ধিমত্তা হ’ল এক বৰ্ণনাত্মক ধাৰণা(Descriptive Concept)। ই এজন ব্যক্তিৰ বা ব্যক্তিসমষ্টি নিৰ্দিষ্ট গুণক প্ৰতিনিধিত্ব কৰে। আৰ.পিন্টাৰ(R.Pinter)ৰ মতে,সামগ্ৰিকভাৱে জীৱনৰ নতুন অৱস্থাৰ সৈতে পৰ্যাপ্তভাৱে খাপ খাব পৰা ক্ষমতাই হ’ল বুদ্ধিমত্তা। আন এগৰাকী দাৰ্শনিক বাৰ্ট(Burt)কৈছে, বুদ্ধিমত্তা হ’ল জন্মগত সাধাৰণ চেতনাত্মক ক্ষমতা।আটাইতকৈ মনোগ্ৰাহী তত্বটো টেছলাৰে(Tesler) আগবঢ়াইছিল এনেধৰণে, বুদ্ধিমত্তা হ’ল যিবোৰ মেচিনে আজিলৈকে কৰিব  পৰা নাই। কি সুন্দৰকৈ তেওঁ আধুনিক বিজ্ঞানৰ লগত সাঙুৰি দিলে! এতিয়া এই বুদ্ধিমত্তাকে ব্যৱহাৰিক(Pragmatic) যন্ত্ৰবিদ্যা দৃষ্টিকোণৰে ব্যাখ্যা কৰিলে ই কৃত্ৰিম বুদ্ধিমত্তাৰ ৰূপ পাব।অৰ্থাৎ যন্ত্ৰৰ দ্বাৰা  প্ৰদৰ্শিত বুদ্ধিমত্তাকে কৃত্ৰিম বুদ্ধিমত্তা(Artificial Intelligence,AI)বুলিব পাৰি। ই কম্পিউটাৰ বিজ্ঞানৰ এক শাখা হ’লেও গণিত,পৰিসংখ্যা বিজ্ঞান,দৰ্শন,মনোবিজ্ঞান,অৰ্থনীতি,নেন’বিজ্ঞান,ভাষাবিজ্ঞান,জীৱবিজ্ঞান আদি একাধিক বিষয়ৰ সন্মিলিত ৰূপৰ ফলতে আধুনিক কৃত্ৰিম বুদ্ধিমত্তা আজি পৰ্যায় পাইছেহি। আধুনিক এই পৰ্যায়টো একেদিনাই পোৱাহি নাই।ইয়াৰ এক বিস্তৃত গৌৰৱময় ইতিহাস আছে। এৰিষ্টটলে(384-322 BC) বিশ্লেষাণত্মক যুক্তিক(syllogism) যুক্তিবাদৰ চেতনাত্মক ভিত্তি বুলিছিল। ডেস্কাৰটেছ(Descartes) (1596-1650)যে মগজুক যান্ত্ৰিক দৃষ্টিৰে চোৱা আৰম্ভ কৰিছিল।মেৰী চেহল্টী(Mery Sheltey)ৰ ‘ফ্ৰেনকেলষ্টিন(Frankenstein)নামৰ গ্ৰন্থখনটো কৃত্ৰিম জীৱ নিৰ্মাণৰ চেষ্টা কৰা কথা উল্লেখ আছে।1770 চনত উল্ফগাং ভ’ন কেম্পলাৰ(Wolflong Von Kempler) যে এটা মায়াবি সঞ্চালিত(automation) যন্ত্ৰ বনাই ৮০ বছৰ ধৰি ইউৰোপ আৰু আমেৰিকাত ডবা খেল প্ৰদৰ্শন কৰিছিল। আধুনিক ইতিহাসৰ কেইটামান উল্লেখযোগ্য সাফল্য নকৈ লোভ সামৰিব নোৱাৰিলোঁ। 1942 চনতে বিশ্বৰ প্ৰথম ৰব’ট ‘আই'(I) আইজাক আছিমভ(Isaac Asimov)ৰ দ্বাৰা উদ্ভাৱন, 1943ত জে. মেককুল্লোচ্(J. McCulloch) আৰু ডব্লিউ. পিত্তছ(W.Pitts)ৰ যুটীয়াকৈ কৃত্ৰিম নিউৰণৰ(Neuron) আৰ্হি, 1945ৰ বিশ্বৰ প্ৰথম ইলেকট্ৰনিক কম্পিউটাৰ ENIAC উদ্ভাৱন আদি ঘটনাই ভৱিষ্যতৰ কৃত্ৰিম বুদ্ধিমত্তাৰ জগতখনৰ নতুন আশাৰ সঞ্চাৰ কৰিছিল।কিন্তু তেতিয়ালৈকে ‘কৃত্ৰিম বুদ্ধিমত্তা’ শব্দটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অভিধানত ঠাই পোৱা নাছিল। সমগ্ৰ বিষয়টো ওপৰত আনুষ্ঠানিক চিন্তা চৰ্চা আমেৰিকাস্হিত  ডায়মাউথ  কলেজত বিজ্ঞান সন্মিলনতহে স্থান পাইছিল। 1956 চনৰ এই অভিবৰ্তনত 10 জন বৈজ্ঞানিক আৰু গৱেষকে প্ৰায় 2 মাহ ধৰি আলোচনা অন্তত এক নতুন গৱেষণা স্থল(research area) ‘কৃত্ৰিম বুদ্ধিমত্তা’ নামেৰে নামকৰণ কৰিছিল। জন মাকাৰ্থী(John McCarthy) আছিল অভিবৰ্তনৰ অন্যতম পুৰোধা বিজ্ঞানী,তেওঁ কৃত্ৰিম বুদ্ধিমত্তাক বুধিয়ক যন্ত্ৰ বনোৱা বিজ্ঞান ৰূপে অভিহিত কৰিছিল। সন্মিলনখনৰ ঘাই সিদ্ধান্তৰ কিছু অংশ আছিল এনেধৰণৰ,”…লাৰ্নিং বা যিকোনো বুদ্ধিমত্তাৰ অন্যান্য বৈশিষ্ট্যৰ প্ৰতিটো দিশকে নীতিগতভাৱে(in principle) ইমান সৰলকৈ বৰ্ণনা কৰিব পাৰি যে যন্ত্ৰও ইয়াক অনুধাৱন কৰিব পাৰে” এই সূত্ৰৰ ওপৰতে ভিত্তি কৰি আজি অৱস্থা পালেহি। ইয়াৰ ঠিক কিছুবছৰ আগতে 1950 চনত এলেন টুৰ্নিং(Alan Turning)ৰ গবেষণা গ্ৰন্থ ‘কম্পিউটিনং মেচিনেৰী এণ্ড ইন্টেলেজিয়েন্স’ত মেচিনে ভাৱিব পাৰেনে উত্তৰ দিবলৈ গৈ এটা নতুন পৰীক্ষা পদ্ধতি  আবিষ্কাৰ কৰিছিল। যিটোক টুৰ্নিং পৰীক্ষা(Turning Test) বোলা হয়, যিয়ে এক বিশেষ অনুকৰণ(imitation) খেলৰ যোগেদি মেচিনৰ বুদ্ধিমত্তা পৰীক্ষা কৰিব পাৰি। এই পৰীক্ষাৰ সফলতাই অন্য মাত্ৰা দিয়ে। বিংশ শতিকাৰ শেষৰফালে আৰু এই শতিকাৰ প্ৰথমাৰ্ধত লাভ কৰা কিছুমান বিস্ময়কৰ পৰীক্ষাৰ ফলাফলে নতুন যুগৰ সূচনা কৰাই নহয়,ইয়াৰ সৈতে জড়িতসকলৰ উৎসাহ দুগুণে বঢ়ায়।1997 চনত আই বি এম(IBM)ৰ চুপাৰ কম্পিউটাৰৰ প্ৰ’গ্ৰাম ‘দীপ ব্লু(Deep Blue)যে বিশ্বৰ ডবা চেম্পিয়ন গেৰী কাছপাৰভ(Garry Kasparov)ক হৰুৱাই সকলোকে হতচকিত কৰিছিল। কিয়নো প্ৰ’গ্ৰাম এটাৰ বাবে অতিকৈ কঠিন কাম আছিল। কেনেকৈ চাওঁ আহক, ডবা খেলত গড়ে সম্ভাৱনা থকা চাল-চলনৰ সংখ্যা হৈছে 35 টা, মাষ্টাৰ পৰ্যায় পাবলৈ আপুনি মুঠ 8 টা পৰ্যায় পাৰ হ’ব লাগিব, অৰ্থাৎ মুঠ সম্ভাব্য সাজোন হ’ব 35 ৰ সূচক 8 কৰিলে যিমান উত্তৰ ওলাব সিমান সংখ্যক। এইটো কিমান ডাঙৰ সংখ্যা! ‘দীপ ব্লু’ জিকিবলৈ গোটেইবোৰ সম্ভাব্য পথ জানিব লাগিব, এইয়া গণনা কৰিবলৈ সাধাৰণ আমাৰ দৰে নৰ মনিচৰ বাবে কিমান লাগিব অনুমান কৰিব পাৰিবনে! সেন্নন(Shannon)যে 1950 চনত কষ্টৰে গণনা  কৰি পাইছিল যে সকলোবোৰ বৈধ অৱস্থান গন্তি কৰিবলৈ প্ৰায় 10 ওপৰত 90 সূচক বহালে যিমান ওলাব,সিমান বছৰ। ভাৱকচোন, এটা মেচিনে এজন গ্ৰেণ্ড মাষ্টাৰক হৰুৱাবলৈ কিমান বুদ্ধিমান হ’ব লাগিব।2015 চনৰ অক্টোবৰত আলফা গ'(AlphaGo) নামৰ কম্পিউটাৰ প্ৰ’গ্ৰামটোৱে চাইনীজ খেল ‘go’ত ইউৰোপীয়ান মহাৰথী ফেন হুই(Fan Hui)ক 5:0 ছেটত পৰাস্ত কৰিবলৈ সক্ষম হয়। পুনৰ 2016 চনৰ মাৰ্চ মাহত বিশ্ব চেম্পিয়ন লী চেদল(lee Sedol)ক 4:1 পৰাস্ত কৰি, সমগ্ৰ বিজ্ঞানী সমাজক হতভম্ব কৰি তুলিছিল। ইয়াৰ সম্পূৰ্ণ ভিডিঅ’ ইউ টিৱত(YouTube) উপলব্ধ।শেহতীয়াকৈ চীনত নিৰ্মিত এলিবাবা(Alibaba) আৰু মাইক্ৰ’ছফ্টৰ নিৰ্মিত এলগ’ৰিথিম বা কলনবিধি(algorithm) সহায়ত প্ৰস্তুত কৰা প্ৰ’গ্ৰামে স্টেনফৰ্ড পঢ়ন বোধশক্তি পৰীক্ষাত(Stanford reading comprehension test) সকলো মানৱ প্ৰতিযোগীক পৰাস্ত কৰি অপাৰ সম্ভাৱনীয়তা দাঙি ধৰিছে। কৃত্ৰিম বুদ্ধিমত্তা চাৰিটা কাৰ্যপ্ৰণালীৰ ওপৰত ভিত্তি কৰি আগবাঢ়ে, সেইকেইটা হৈছে- মানুহৰ দৰে চিন্তা কৰা, মানুহৰ দৰে কৰা,যুক্তিৰে চিন্তা কৰা, যুক্তিৰে কাৰ্য কৰা। গাণিতিক লজিক(mathematical logic) আৰু চেতনাত্মক বিজ্ঞান(cognitive science) সবল প্ৰয়োগৰ ফলতেই আধুনিক কৃত্ৰিম বুদ্ধিমত্তাই নতুন নতুন খোজৰ সন্ধান পাইছে। জ্ঞাননিৰ্ভৰ(knowledge base),তথ্য সংশ্লেষণ(information processing), মেচিন লাৰ্নিং(machine learning),প্ৰাকৃতিক ভাষা সংশ্লেষণ(Natural language processing) ইত্যাদি বিষয় চেতনাত্মক বিজ্ঞানৰ অন্তৰ্গত। কৃত্ৰিম বুদ্ধিমত্তাক নতুন ধাৰণা সৃষ্টি কৰিবলৈ তিনিটা প্ৰকাৰে কৰিব পাৰি-১) পুৰণি পৰিচিত ধাৰণাসমূহ নব্য সংযোজন কৰি ২) ধাৰণাগত স্থানসমূহৰ সম্ভাৱনীয়তা অনুসন্ধানৰ জৰিয়তে ৩)পূৰ্বতে অসম্ভৱযেন লগা ধাৰণাবোৰ  পৰীক্ষণৰ যোগেদি সম্ভৱলৈ পৰিণত কৰা। এতিয়া আহোঁ বৰ্তমানে কেনেকৈ কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ সৈতে বিভিন্ন স্তৰত নিবিড় সম্পৰ্ক গঢ়ি তুলিছে। টেছলা(Tesla) হ’ল কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ জৰিয়তে স্বয়ংচালিত গাড়ী নিৰ্মাণ কৰা প্ৰথম অট’মোবাইল প্ৰতিষ্ঠান।অ’ডি, কেডিলাক,ভল্ভ আদি প্ৰতিষ্ঠানেও স্বয়ংচালিত গাড়ী নিৰ্মাণ আৰম্ভ কৰিছে।চীনত ইতিমধ্যে দীপ লাৰ্নিং আৰু ছবি চিনাক্তকৰণ প্ৰযুক্তি দ্বাৰা কেন্সাৰ ডাইগ’নিছ(diagnosis) সফলতাৰে সম্পাদন কৰিছে। এতিয়া পৰা আপোনাৰ বিদেশী ভাষা(Foreign language) শিকাৰ প্ৰয়োজনীয়তা নাথাকিব,কিয়নো Voice Tra নামৰ এটা মেচিন অনুবাদক উদ্ভাৱন কৰিছে। য’ত কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগেৰে বিভিন্ন লিখিত(Text) আৰু কথিত(speech) বাৰ্তাসমূহ নিৰ্দিষ্ট ভাষালৈ আপোনা-আপুনি অনুবাদ হয়। 2020ৰ টকিঅ’ অলিম্পিকত দৰ্শকৰ সুবিধাৰ্থে জাপানে ব্যৱহাৰৰ কথা প্ৰকাশ পাইছে। নাছা(NASA)ই অন্য গ্ৰহত প্ৰাণী সন্ধানতো কৃত্ৰিম বুদ্ধিমত্তা ব্যাপক সহায় লৈছে। হেডজ ফিন্দে(Hedge Finde) নামৰ প্ৰতিষ্ঠানটোৱে ষ্ট’ক মাৰ্কেটত লাভৰ ক্ষেত্ৰতো কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰে।আমেৰিকান এক্সপ্ৰেছ কাকতে গ্ৰাহকক অনলাইন সেৱা প্ৰদানতো কৃত্ৰিম বুদ্ধিমত্তা বহল প্ৰয়োগ কৰে। অতিকৈ বহুল ব্যৱহৃত চ’চিয়েল মিডিয়া ‘ফেচবুক’ কৃত্ৰিম বুদ্ধিমত্তাৰ বিভিন্ন ক্ষেত্ৰত সঘনাই প্ৰয়োগ কৰে যেনে মুখ চিনাক্তকৰণ(face recognisation)ত, আত্মহত্যা প্ৰৱণতামূলক প’ষ্ট নিৰ্ণয় কৰি যাৱতীয় ব্যৱস্থাৰে জীৱন ৰক্ষা কৰা আদিত। মাইক্ৰ’ছফ্টে জলবায়ু পৰিবৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ পোষকতা কৰি 50 মিলিয়ন ডলাৰ নিৰ্ধাৰণ কৰিছে। এনেকৈ যদি আগবাঢ়ি গৈ থাকে তেন্তে এনে এটা দিন পাবলৈ বেছি দিন নাই য’ত আপোনাৰ মোৰ ঘৰত এটা চেন্সৰ(sensor) থাকিব যিয়ে আমাৰ উশাহ-নিশাহৰ একেলেথাৰী পৰীক্ষা কৰি বিভিন্ন ধৰণৰ জটিল ৰোগৰ আগতীয়া উমান দিব, আমাৰ দেহৰ তেজৰ সুঁতিত হয়তো নেন’নাও চলিব যিয়ে মগজুত হ’ব পৰা প্লেগৰ পৰা ৰক্ষা কৰিব, ষ্ট্ৰ’ক বা হাৰ্ট এটেক আদি পৰা আমাক বচাব। ই অসম্ভৱ নহয়,বহু ক্ষেত্ৰত সম্ভাৱনাহে আছে। যি কি নহওক ইমানবোৰ বিস্ময়কৰ উদ্ভাৱন বা আবিষ্কাৰ পিছতো আমি কৃত্ৰিম বুদ্ধিমত্তাৰ অপপ্ৰয়োগৰ পৰা সাৱধান থকাটো নিতান্তই বাঞ্চনীয়। ইয়াৰ বাবে এটা উদাহৰণ দিলে বুজিবলৈ সহজ হ’ব। 1983ত  ষ্টেনিচলেভ পেট্ৰভ (stanislav petrov) ছোভিয়েটৰ নিউক্লিয় আক্ৰমণৰ আগতীয়া তথ্য দিয়া চেণ্টাৰৰ দায়িত্ব দিয়া হৈছিল। হঠাৎ কৃত্ৰিম বুদ্ধিমত্তা যুক্ত কম্পিউটাৰে সংকেত প্ৰেৰণ কৰিলে যে আমেৰিকাৰ ফালৰ পৰা 5 টা মিছাইল ছোভিয়েটমুখি আহিছে। কিন্তু পেট্ৰভ আচৰিত হ’ল কিয়নো আমেৰিকা দৰে এখন শক্তিশালী দেশে মাত্ৰ 5 টা মিছাইলেৰে আক্ৰমণ কৰিবনে! তেওঁ নিজৰ উপস্থিত বুদ্ধি আৰু সুস্থ চিন্তাৰে এইয়া কম্পিউটাৰ চিষ্টেমৰ ভুল বুলি ৰিপৰ্ট দিলে। পিছত প্ৰমাণ হ’ল যে ৰ’দৰ পোহৰত ডাৱৰৰ প্ৰতিফলনকে চিষ্টেমযে ভুলকৈ মিছাইল বুলি সংকেত দিছিল। অৰ্থাৎ পেট্ৰভৰ দূৰদৰ্শীতা বাবেহে এক ভয়ংকৰ নিউক্লিয় যুদ্ধৰ পৰা সেইসময়ত বিশ্ব ৰক্ষা পৰিলে।ইয়াৰ পৰা আমি কি শিক্ষা পাওঁ? আমি প্ৰযুক্তিতকৈ চতুৰ হ’ব লাগিব, প্ৰযুক্তিয়ে আমাক নিয়ন্ত্ৰণ কৰিবলৈ দিব নালাগিব। স্পৰ্শকাতৰ ইচ্ছু সমূহত ‘কৃত্ৰিম বুদ্ধিমত্তা’ ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হোৱা উচিত।কৃত্ৰিম বুদ্ধিমত্তাকে যন্ত্ৰ নীতিশাস্ত্ৰ(Automation Ethicist)  দ্বাৰা পৰিচালন কৰি সামাজিক অপকৰ্ম কৰিব নোৱাৰাকৈ নিৰ্দিষ্ট মডেল সংযোজনৰ কৰি ৰোধ কৰা চেষ্টা কৰা উচিত। কৃত্ৰিম বুদ্ধিমত্তা আগবাঢ়ি যোৱা লগে লগে নতুন কৰ্মসংস্থাপন সৃষ্টি আৰু লোপ দুয়োটাই ঘটিব। এই ক্ষেত্ৰতো কিছু মনোযোগ দিয়াটো অতিকৈ কাম্য